53
নগাঁওঃ নগাঁও জিলাৰ ৰাইদঙীয়াৰ শ্ৰীশ্ৰী ক’ৰচুং সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট সমাজসেৱক, জ্যেষ্ঠ নাগৰিক, গুৰুজনাৰ একান্ত সেৱক বিদ্যাধৰ গোস্বামীৰ দেওবাৰে যোৱা নিশা নিজা বাসগৃহত পৰলোক প্ৰাপ্তি ঘটে।
৮৮ বছৰ বয়সলৈকে মহাপুৰুষ গুৰুজনাৰ সত্ৰ-সংস্কৃতিৰ লগত জড়িত হৈ শ-শ লোকক শৰণ-ভজন দি গুৰু সংস্কৃতি প্ৰচাৰ প্ৰসাৰত নিজকে উৎসৰ্গা কৰা পুৰোধা ব্যক্তিগৰাকীৰ বিয়োগত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে৷