বিহালীঃ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গৰাখহনীয়াত গৃহহীন লোকক পুনৰ সংস্থাপন আৰু ভূমি পট্টা প্ৰদানৰ দাবীত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়।
এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ দাবী সম্বলিত এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয়। পৰিষদৰ জিলা সভাপতি আব্দুল হাকিম চিকদাৰ, সাধাৰণ সম্পাদক নাজিৰ আহমেদ আৰু বাহাজুদ্দিন জাকাৰীয়াৰ স্বাক্ষৰিত স্মাৰক-পত্ৰখনত বিশ্বনাথৰ বিভিন্ন অঞ্চলত, বিশেষকৈ সংখ্যালঘু লোকসকল ব্ৰহ্মপুত্ৰ নৈৰ দাঁতি-কাষৰীয়া অঞ্চলৰ বাসিন্দা বছৰ বছৰ ধৰি গৰাখহনীয়াৰ কবলত পৰি ঘৰ-বাৰী, মাটি আদি সা-সম্পত্তি সকলো হেৰুৱাই কোনো মতে অঘৰীৰ দৰে জীৱন যাপন কৰি আছে।