111
নগাঁওঃ নগাঁও জিলাৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী ক্ৰান্তিকাল প্ৰকাশনে ”শিৱকান্ত ক্ৰান্তিকাল ন্যাস”ৰ উদ্যোগত ২০১১ চনৰপৰা প্ৰদান কৰি অহা “ক্ৰান্তিকাল সন্মান” এই বছৰৰ বাবে খ্যাতনামা লোকসংগীত শিল্পী খগেন গগৈলৈ আগবঢ়াইছে।
১৯৬০ চনত চৰাইদেউৰ সমীপৰ লংপতীয়াত জন্ম গ্ৰহণ কৰা গগৈয়ে বিহুগীত, টোকাৰি গীত আৰু দেহবিচাৰৰ গীতক জনপ্ৰিয় কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।