138
ডিব্ৰুগড়ঃ ৰাজ্যৰ পৰিস্থিতি উত্তাল হৈ থকাৰ সময়তে বৰাক উপত্যকাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হ’ব বুলি দম্ভালি মৰাৰ বিষয়টোক সহজভাৱে ল’ব পৰা নাই অসমৰ ৰাইজে৷
অসমত জনতাই ব্যাপক আন্দোলন গঢ়ি তোলাৰ সময়েত তথা বিৰোধী সদস্যসকলৰ মতামতক আওকাণ কৰি যুটীয়া সংসদীয় সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন অসমবিৰোধী ধাৰাৰেই অনুমোদন জনোৱাৰ পাছৰেপৰা ৰাজ্যৰ পৰিস্থিতি উত্তাল হৈ পৰিছে৷