নগাঁওঃ যি সময়ত অসম চৰকাৰে গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ লোকৰ ঘৰত বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ দিয়াৰ কথা ঘোষণা কৰিছে সেই সময়তে গ্ৰামাঞ্চলত এতিয়াও বিদ্যুৎ সেৱা লাভৰ ক্ষেত্ৰত ৰাইজে হাহাকাৰ কৰিবলগীয়াত পৰিছে৷
আনকি বিদ্যুৎ সংযোগ দিবৰ বাবে চৰকাৰী বিষয়াই নিৰ্দেশনা দিয়াৰ পাছতো এচাম দালাল প্ৰকৃতিৰ লোকে বিদ্যুৎ বিভাগৰ বিষয়াৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই ওলোটাই গ্ৰাহকৰপৰা মোটা অংকৰ ধন উপঢৌকন বিচৰাৰ দৰে ঘটনাও সংঘটিত হৈছে।