ওদালগুৰিঃ ওদালগুৰি সদৰত এক সংবাদমেল সম্বোধন কৰি হাগ্ৰামাৰ বিৰুদ্ধে সৰৱ হৈ পৰে এবছু। শুকুৰবাৰে ওদালগুৰি জিলা এবছুৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা সংবাদমেলত উপস্থিত থাকি এবছুৰ কেন্দ্ৰীয় উপ-সভাপতি দ্বিপেন বড়োৱে বি টি চি প্ৰধান হাগ্ৰামাক ক্ষুৰধাৰ সমালোচনা কৰে।
তেওঁ সংবাদমেলত কয় যে বড়ো জাতিৰ পিতৃ উপেন্দ্ৰনাথ ব্ৰহ্মক অপমান কৰিছছ হাগ্ৰামাই। এন ডি এফ বি (প্ৰ) আৰু এবছুৱে পৃথক ৰাজ্য বড়োলেণ্ডক মুল দাবী হিচাপে লৈ আন কেইবাটাও দাবীৰে কেন্দ্ৰীয় বিভিন্ন সময়ত কেন্দ্ৰীয় চৰকাৰক স্মাৰক-পত্ৰ প্ৰদান কৰাৰ লগতে আলোচনা কৰি আহিছে।