কাৰ্বি আংলং ব্যুৰ’: শিক্ষা গ্ৰহণৰপৰা বঞ্চিত হৈ থকা ৬ ৰপৰা ১৬ বছৰৰ শিশুসকলক বিনামূলীয়া আৰু বাধ্যতামূলকভাৱে প্ৰাথমিক শিক্ষা প্ৰদানৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যখনৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত আৰম্ভ কৰিছে বিদ্যাৰম্ভ উৎসৱ নামেৰে এক কাৰ্যসূচী৷
এই বিদ্যাৰম্ভ উৎসৱ ২০১৮ ৰ ১৫ নৱেম্বৰৰপৰা ২০১৯ ৰ ১ জানুৱাৰীৰ ভিতৰত সম্পন্ন কৰিব লাগে৷ যাৰ বাবে প্ৰতিখন বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিয়ে নিজ নিজ অঞ্চলৰ শিক্ষা গ্ৰহণৰ উপযুক্ত শিশুসকলৰ পিতৃ-মাতৃলৈ ২০১৮ৰ ৩০ ডিচেম্বৰৰ ভিতৰত চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে শিশুসকলক পঠাবলৈ স্থানীয় ভাষাত লিখা পত্ৰ প্ৰেৰণ কৰিব লাগে৷