বঢ়হমপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ’বই বুলি শিলচৰৰ ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰাৰ পাছতে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কি জাতীয় দল-সংগঠন, কি ৰাজনৈতিক দল সকলোতে এতিয়া তীব্ৰ জোকাৰণি।
প্ৰধানমন্ত্ৰীৰ এই ঘোষণাত স্বয়ং বি জে পিৰো একাংশ নেতা-কৰ্মী ক্ষুণ্ণ হোৱা গেখা গৈছে। চাবুৱা সমষ্টিৰ বিধায়ক তথা বি জে পি নেতা বিনোদ হাজৰিকাই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে পদত্যাগ কৰিব বুলি ৱাটএপ গ্ৰুপ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।