71
খাৰুপেটয়াঃ দৰঙৰ বাগিচাকাষ গাঁৱত ধনশিৰি দলঙৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি দলংখনৰ সমীপতে এখন বৃহদাকাৰৰ পুখুৰী খন্দাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখ্য যে উক্ত ঘটনা সন্দৰ্ভত অঞ্চলটোৰ ৰাইজে অভিযোগ কৰা মতে যোৱা কিছুদিনৰপৰা নাম ফলক বিহীনভাৱে ধনশিৰি নৈৰ সুতিত পুখুৰী খন্দা কাম কৰি আছে ,গৌৰাংগ কৃষি পাম সমবায় সমিতিৰ সদস্যসকলে।