তেজপুৰঃ বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আগন্তুক লোকসভা নিৰ্বাচনত অনাবড়োৰ ভোট লাভ কৰাৰ আশাতে বড়োলেণ্ড হ’ব নোৱাৰে বুলি কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এবছুৱে।
ভালুকপুঙত শোণিতপুৰ জিলা এবছুৰ বাৰ্ষিক অধিৱেশনত উপস্থিত হোৱা এবছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লৰেন ইছলাৰীয়ে কয় যে হাগ্ৰামা মহিলাৰীয়ে বি টি চিত আন্তঃগাঁথনিৰ অভাৱ আৰু লগতে আই এ এছ, আই পি এছ অফিচাৰ বি ট্ এ ডিৰপৰা ওলোৱা নাই বাবে বড়োলেণ্ড গঠন নহয় বুলি কোৱা মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে।