81
মৰিয়নীঃ এখন নদী আৰু তাৰ পাৰত পূৰ্ণ দমে চলিছে নাটকৰ আখৰা। নৈ পাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত এইবাৰ অনুষ্ঠিত হ’ব শব্দ তৃতীয় ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ।
নাটকক ৰাইজৰ অধিক কাষ চপাই অনাৰ লক্ষ্যৰে শব্দ ৰাষ্ট্ৰীয় নাট্য মহোৎসৱে গ্ৰহণ কৰিছে এক অভিনৱ প্ৰয়াস। নৈ পৰীয়া ২০১৯ শব্দ তৃতীয় ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ শীৰ্ষক নাট মহোৎসৱখনি যোৰহাট মৰিয়নীৰ নকচাৰী মিল গাঁৱত গ্ৰাম্য পটভূমিত নৈ পাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত আয়োজন কৰা হৈছে।