64
ওদালগুৰিঃ অসমৰ বৃহত্তম জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত স্বৰ্ণশাখা ওদালগুৰি সাহিত্যই বিশ্ববৰেণ্য শিল্পী সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ এটি পূৰ্ণ অবয়ৰ প্ৰতিমূৰ্তি অহা ১০ জানুৱাৰীত দিনৰ ১১ বজাত সাহিত্য সভা ভৱনত উদ্বোধন কৰিবলৈ আয়োজন কৰিছে।
সেই উপলক্ষে ১০ জানুৱাৰীৰ পুৱা ৮ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব ওদালগুৰি সাহিত্য সভাৰ সভাপতি বীণাপাণী দেৱীয়ে আৰু স্মৃতিতৰ্পণ কৰিব উপ-সভাপতি প্ৰমোদ বৈশ্যই।