72
তামুলপুৰঃ অসমত বসবাস কৰা ছয় জনগোষ্ঠী ক্ৰমে কোচ-ৰাজবংশী, টাই আহোম, চুতীয়া, মৰাণ, মটক আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ ওলোৱা প্ৰক্ৰিয়াৰ বিৰুদ্ধে শনিবাৰে উত্তাল হৈ পৰিল তামুলপুৰ।
জনজাতি সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত এক তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়।