51
কাকপথাৰঃ তিনিচুকীয়া জিলা মীন বিভাগৰ সৌজন্যত আৰু বৰআলি উন্নয়ন সমিতিৰ তত্বাবধানত ২০১৭-১৮ বৰ্ষৰ গ্ৰাম্য আন্ত:গাঁথনি উন্নয়ন শিতানৰ অধীনত বৰআলি গাঁৱত প্ৰথম পৰ্যায়ত ২ হেক্টৰ মাটিত নতুন পুখুৰী (ৰাজহুৱা) খননৰ কাম শনিবাৰে আনুস্থানিকভাৱে শুভাৰম্ভ কৰা হয়।
তিনিচুকীয়া জিলা উপায়ুক্ত ঐনাম চৰণ কুমাৰ সিংৰ উপস্থিতিত শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াই পুখুৰী খননৰ কামৰ শুভাৰম্ভ কৰে।