মাজুলীঃ উজনি মাজুলীৰ দেৱোত্তৰত বিসংগতিপূৰ্ণ নিৰ্মাণ কাৰ্যৰ বাবে কেইমাহমান পূৰ্বে বন্ধ ৰখা ‘আয়ুৰ্বেদিক চিকিৎসালয়’ৰ নিৰ্মাণ কাৰ্য পূৰ্বৰ বিসংগতি দূৰ নকৰাকৈয়ে পুনৰ আৰম্ভ কৰা বুলি উত্থাপিত ৰাজহুৱা অভিযোগ অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে মাজুলী জিলা প্ৰশাসনে।
নিৰ্মীয়মাণ চিকিৎসালয় গৃহৰ ভূমিগত আধাৰ আদিত ইতিমধ্যে থাকি যোৱা নিৰ্মাণ-বিসংগতি সন্তোষজনকভাৱে দূৰ নকৰাকৈয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম)ৰ প্ৰকল্প অভিযন্তাই শেহতীয়াকৈ পুনৰ আৰম্ভ কৰা বুলি অভিযোগ উঠাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই পুনৰ এই নিৰ্মাণকাৰ্য সন্দৰ্ভত গড়কাপ্তানী বিভাগৰ সহকাৰী অভিযন্তাৰ জৰিয়তে তদন্তৰ নিৰ্দেশ দিছে।