গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিলচৰৰ এক ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কাষত লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অতি সোনকালে গৃহীত কৰাৰ হ’ব বুলি সদম্ভে ঘোষণা কৰাৰ পাছতে ক্ৰমাত উতপ্ত হৈ পৰিছে ৰাজ্যৰ পৰিৱেশ। ইয়াৰ পাছতে এতিয়া ৰাজ্যৰ সৰ্বত্ৰে বিভিন্ন দল-সংগঠনে চৰকাৰবিৰোধী ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে।
প্ৰধানমন্ত্ৰীৰ সদম্ভ ঘোষণাৰ পাছত সৰব হৈ পৰিছে সদৌ অসম ছাত্র সন্থা। আছুৱে অহা ৭ জানুৱাৰীৰপৰা কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে। সদৌ অসম ছাত্র সন্থাই অহা ৭ জানুৱাৰীত ৰাজ্যজুৰি ক’লা দিন হিচাপে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব।