অভিজিৎ তালুকদাৰ, তামুলপুৰঃ অহা ৭, ৮ আৰু ৯ জানুৱাৰীত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব নিখিল বড়ো ছাত্ৰ সন্থা, চমুকৈ এবছুৰ ৫১ সংখ্যক কেন্দ্ৰীয় অধিৱেশন।
গৌজোন ফৌথাৰ (সমন্বয় ক্ষেত্ৰ)ত অনুষ্ঠিত হ’ব লগা কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে। প্ৰায় এক কোটি টকা বাজেট নিৰ্ধাৰণ কৰা এবছুৰ কেন্দ্ৰীয় অধিৱেশনত প্ৰায় এহেজাৰ বৰ্গফুট মাটিকালি সামৰি এখন প্ৰদৰ্শনী, গ্ৰন্থমেলা, জনগোষ্ঠীয় বস্ত্ৰমেলা, বাণিজ্য মেলা আৰু বিভিন্ন জনগোষ্ঠীয় খাদ্যমেলা অনুষ্ঠিত হ’ব৷