74
গুৱাহাটীঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত আৰক্ষী বিষয়া অঞ্জন বৰা। ফেচবুকত বিজেপি বিধায়িকা সন্দৰ্ভত কৰা অশালীন মন্তব্য কৰাৰ অভিযোগত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়াজনক।
মহানগৰীৰ গীতানগৰস্থিত বাসভৱনৰ পৰা বৰাক আই টি এক্টৰ ৬৬ আৰু ৬৭ ধাৰাৰ অধীনত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে ফেচবুকত অশালীন মন্তব্য কৰাৰ পিছতে বৰাৰ বিৰুদ্ধে চি আই ডিত গোচৰ ৰুজু কৰিছিল আইজিপি (প্ৰশাসন) প্ৰদীপ শালৈয়ে।