বেতবাৰীঃ নাট্যগোষ্ঠী ‘ঢৌ The wave’ ৰ উদ্যোগত শিৱসাগৰ জিলাৰ বানমুখ দিহিঙীয়া গাঁৱত যোৱা ২৫ ডিচেম্বৰৰপৰা তেৰ দিন ধৰি হৈ অহা শিশু নাট কৰ্মশালাখনিৰ প্ৰশিক্ষাৰ্থী কণ কণ শিশুসকলে যোৱা ৭ জানুৱাৰীত ‘ৰামধেনু’ নামৰ এখনি শিশু নাটক পৰিৱেশন কৰে।
বানমুখ চেতিয়া গাঁৱৰ উদ্যমি যুৱক তথা নাট্যকৰ্মী অভিজিৎ চুতীয়াৰ পৰিকল্পনা আৰু পৰিচালনাত বানমুখ দিহিঙীয়া গাঁৱৰ কণ কণ শিশুসকলে প্ৰয়াত দেৱজিৎ চুতীয়াৰ সোঁৱৰণীত দিহিঙীয়া গাঁৱৰ হৰি মন্দিৰস্থিত মুকলি পথাৰতে ‘ৰামধেনু’ পৰিৱেশন কৰে।