কোকৰাঝাৰঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পাইকান দ্বিতীয় খণ্ড গাঁৱৰ মণিৰুল ইছলামৰ পত্নী ৰশ্মিনাৰা বেগমক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পিছত আৰু আৰক্ষীয়ে ৰশ্মিনাৰা বেগমক গ্ৰেপ্তাৰ কৰি যোৱা ৯ নৱেম্বৰত কোকৰাঝাৰ ডিটেনচন কেম্পলৈ চালান দিয়া ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ।
মুক্তিযুঁজাৰুৰ কন্যা বুলি খ্যাত অন্তঃসত্বা ৰশ্মিনাৰা বেগমক বিদেশী বুলি ঘোষিত কৰি ডিটেনচন কেম্পলৈ চালান দিয়াৰ পিছতে কোকৰাঝাৰ ডিটেনচন কেম্পলৈ বহু ৰাজনৈতিক নেতা, ছাত্ৰ নেতা, আইনজীৱিৰ আগমন ঘটিছিল আৰু সকলোৱে ৰশ্মিনাৰা বেগমৰ হৈ আহনী যুঁজ দিয়া হ’ব বুলি ঘোষণা কৰিছিল। এমাহ দুমাহ কৈ ৫মাহ পাৰ হ’ল, আইনী যুঁজৰ ফলাফল কি হ’ল সেয়া গম পোৱা নগ’ল।