গুৱাহাটীঃ ‘অসমৰ ৰবট মুখ্যমন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়াৰ মতিভ্ৰম হৈছে। সেয়ে তেওঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অসমৰ জনগণে অধিকাৰ সাব্যস্ত কৰিবলৈ যাওতে এনে লম্ফ-জম্ফ কৰিছে।’-বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ পিছতে এই মন্তব্য কৰিছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই।
কেবাটাও স্থানীয় টিভি চেনেললৈ টেলিফোন কৰি বিদ্ৰোহী নেতাজনে ৰাজ্য চৰকাৰখনক সকীয়াই দিয়ে যে অসমৰ ৰাইজক আভুৱা ভাৰিবলৈ চেষ্টা কৰাৰ পৰিণাম সৰ্বানন্দ সোণোৱালে ভোগ কৰিবই লাগিব। ভাৰতত গণতন্ত্ৰৰ নামত প্ৰহসন চলিছে বুলিও তেওঁ অভিযোগ কৰে।