কামপুৰঃ কোনো কাৰণতে বহিৰাগত প্ৰতিষ্ঠানৰ হাতত গতাই দিবলৈ দিয়া নহ’ব কামপুৰৰ চেনীকল। কামপুৰ উন্নতি সাধিনী সভাৰ কাৰ্যালয়ত শনিবাৰে এখন সংবাদ মেলৰ আয়োজন কৰি এই হুংকাৰ প্ৰদান কৰে কামপুৰ-নগাঁও সমবায় সুৰক্ষা সমিতিয়ে।
সংবাদ মেলত সুৰক্ষা সমিতিয়ে বহিৰাগত বণিয়াক চেনীকল বিক্ৰীৰ পৰিৱৰ্তে স্থানীয় প্ৰতিষ্ঠানক প্ৰদান কৰিবলৈ দাবী জনায়। কামপুৰস্থিত নগাঁও সমবায় চেনীকলটো বিগত পোন্ধৰ বছৰ ধৰি বন্ধ হৈ থকাত পোন্ধৰ বছৰীয়া শাসন কালত কংগ্ৰেছ চৰকাৰখনে পুনৰ চেনীকলটো উৎপাদনক্ষম কৰা হ’ব বুলি আশ্বাস দিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে। সংবাদমেলত এই অভিযোগ উত্থাপন কৰিছে কামপুৰ চেনীকল সুৰক্ষা সমিতিৰ সম্পাদক মোলান লস্কৰে।