54
যোৰহাটঃ ভোগালী বিহুলৈ দিন চমু চাপিলেও নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আজিও উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য। ইয়াৰ মাজতে দিল্লী আৰু তিনিচুকীয়াৰ পিছত শুকুৰবাৰে যোৰহাটতো বিধেয়কখনৰ বিৰুদ্ধে দেখা গ’ল উলংগ প্ৰতিবাদ।
যোৰহাট উপায়ুক্তৰ কাৰ্যালয়ত শ শ প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে উলংগ হৈ বিধেয়কখন বাতিল কৰিবলৈ দাবী জনায় এজন লোকে। মণ্টু দত্ত নামৰ এজন লোকে ৰাষ্ট্ৰীয় পতাকাৰ তলতে উলংগ হৈ বিধেয়কখনৰ বিৰুদ্ধে সাব্যস্ত কৰে এনে প্ৰতিবাদ।