কাকপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত কাকপথাৰত শুকুৰবাৰে বিশাল প্ৰতিবাদী সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ কাকপথাৰ ৰাজহুৱা খেলপথাৰৰপৰা আৰম্ভ হোৱা প্ৰতিবাদী সমদলটোৱে কাকপথাৰ চহৰৰ মাজেৰে ফৰেষ্ট গে’টলৈকে পৰিভ্ৰমণ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷
‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক’ ‘নৰেন্দ্ৰ মোদী হুছিয়াৰ’, ‘সৰ্বানন্দ সোনোৱাল গ’ বেক’, ‘বি জে পি গ’ বেক’, ‘অসম চৰকাৰ হায় হায়’, ‘সৰ্বানন্দ সোণোৱাল জাতিদ্ৰোহী’ ইত্যাদি বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে৷