60
গুৱাহাটীঃ ট্ৰাইবেল সংঘই আজি আহ্বান জনোৱা বছৰটোৰ দ্বিতীয়টো অসম বন্ধৰ ঠায়ে ঠায়ে মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হয়। বন্ধৰ সময়ছোৱাত প্ৰতিবাদকাৰীসকলে ৰাজপথত টায়াৰ জ্বলাই, পথত গছ বগৰাই প্ৰতিবাদ সাব্যস্ত কৰে।
বন্ধ আহ্বানৰ জৰিয়তে চৰকাৰক ৬জনগোষ্ঠীক জনজাতিকৰণৰ পূৰ্বে জনজাতিসকলে সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনায় সংঘই। অন্যাথাই পৰৱৰ্তী সময়ত ভয়াৱহ আন্দোলন গঢ়ি তোলা হ’ব বুলিও সকীয়নি প্ৰদান কৰে।