মাজুলীঃ মাজুলীৰ জিলা সদৰত স্থানীয় যুৱকৰ প্ৰতিবাদ। সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত প্ৰতিবাদে চূৰান্ত ৰূপ ল’লে। ৰাজ্যজুৰি প্ৰতিবাদৰ জুই জ্বলি থকাৰ সময়তে শুকুৰবাৰে মাজুলীৰ জিলা সদৰ গড়মূৰত স্থানীয় যুৱকে সমূহীয়া মুণ্ডনেৰে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ নিচেই কাষতে সকলোৱে চুলি খুৰাই প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় যুৱকৰ প্ৰতিবাদত প্ৰাক্তন আলফা সদস্যই সহযোগিতা আগবঢ়ায়। ক্ৰমে মৃদুল শইকীয়া, পিংকু ভূঞা, অনন্ত ভূঞা, নিতুল ভূঞা, তোনিৰাম পায়েঙ , কৃষ্ণ মাধৱ শইকীয়া, প্ৰৱিত্র বৰদলৈ, নিৰঞ্জন দাস আৰু যতীন ফুকনকে ধৰি ৯ জনকৈ লোকে এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি বিধেয়ক বাতিলৰ দাবী জনায়।