শিৱসাগৰৰপৰা ধ্রুৱজ্যোতি বড়াঃ ঐতিহাসিক জয়সাগৰৰ এছিয়া মহাদেশৰ সৰ্ববৃহৎ জয়সাগৰ পুখুৰীত জাকে জাকে মৃত্যু হৈছে পৰিভ্ৰমী পক্ষী৷ ধৃতৰাজকে ধৰি নিৰীহ বন হংস জীৱ শ্ৰেষ্ঠ বুলি দাবী কৰা একাংশ অমানুহৰ জীঘাংসাৰ বলি হৈ মৃত্যু হৈছে বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে৷
এয়া জয়সাগৰত প্রথম ঘটনা নহয়৷ আগতেও এনে ঘটনা সংঘটিত হৈছে এই অঞ্চলত৷ শিৱসাগৰ জিলা প্ৰশাসনক সাংবাদিকে তিনি ঘন্টাৰ পূৰ্বেই সমগ্ৰ ঘটনা অৱগত কৰাৰ পাছতো জয়সাগৰ পুখুৰীত উপস্থিত হ’বলৈ সময় নোলাল জিলা প্ৰশাসনৰ এজনো বিষয়াৰ৷