Home ক্ৰীড়াবোকাজানত আছুৰ উদ্যোগত নাছিৰ হুছেইন সোঁৱৰণী ভলীবল প্ৰতিযোগিতা

বোকাজানত আছুৰ উদ্যোগত নাছিৰ হুছেইন সোঁৱৰণী ভলীবল প্ৰতিযোগিতা

by News Desk
A+A-
Reset
b9fac48a-6b6d-4b17-a77d-c11267db01d2

বোকাজানঃ সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুছেইনৰ স্মৃতি সজীৱ কৰি ৰখাৰ স্বাৰ্থত আছুৱে প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা ভলীবল প্ৰতিযোগিতাখনি এইবাৰ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ উদ্যোগ নগৰী হিচাপে খ্যাত বোকাজানত অনুষ্ঠিত হ’ব ৷ সদৌ অসম ছাত্ৰ সন্থাই অনুষ্ঠিত কৰি অহা ছাত্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণী আন্তঃজিলা আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাখনি সুচাৰুৰূপে পৰিচালিত কৰিবলৈ আজি এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷

বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সত্যপ্ৰদীপ বৰদলৈৰ পৌৰাহিত্যত অনুষ্ঠিত আজিৰ ৰাজহুৱা সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া, কাৰ্যনিৰ্বাহক সদস্য ভৱেশ গগৈৰ লগতে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ত্ৰিদিপ বৰা, জিলা ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি ভৱজ্যোতি বৰা, সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চে, বোকাজান অঞ্চলৰ বহু সমাজকৰ্মী, জেষ্ঠ নাগৰিক, বিভিন্ন মহাবিদ্যালয়ৰ প্ৰবক্তা, মহিলা সমিতি, প্ৰাক্তন ছাত্ৰ নেতাৰ উপৰি জিলা ছাত্ৰ সন্থা তথা বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সভাত উপস্থিত আছিল ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0