43
ডিফুঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ নায়ক নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি ডিফুৰ শ্ৰীশ্ৰী শণি মন্দিৰ প্ৰাংগণত দীপক ঘোষৰ পৌৰহিত্যত এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায় ৷ সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সমাজ কৰ্মী ৰাম কৃষ্ণ গুহে ৷ প্ৰতিবছৰৰ দৰে এইবছৰো অহা ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী কিদৰে পালন কৰা হব আৰু জন্মজয়ন্তী পালন কৰাৰ উপযুক্ত স্থান বাছনি সন্দৰ্ভতো আজিৰ সভাত বিশেষ ভাবে আলোচনা কৰা হয় ৷