কাজিৰঙাঃ বিশ্ব চেম্পিয়ন তথা উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ মেৰী কমে প্ৰথমবাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে দেওবাৰে। হাতীৰ পিঠিত উঠি কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰি আপ্লুত হৈ পৰে মেৰী কম।
কাজিৰঙাৰ বিলাসী ৰিজৰ্ট বৰগছত বাহৰ পাতি থকা মেৰী কমে দেওবাৰে পুৱাই বাগৰি বনাঞ্চলত উপস্থিত হৈ হাতীৰ পিঠিত উঠি কাজিৰঙাৰ এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ উপভোগ কৰি অভিভূত হৈ পৰে। পোনপ্ৰথম বাৰৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা মেৰী কমে কয় যে উত্তৰ পূৰ্বাঞ্চলত থাকিও ইমান দিনে কাজিৰঙাৰ গঁড় দেখাৰ পৰা বঞ্চিত হৈ আছিল। কাজিৰঙা বিশ্বৰ মানচিত্ৰত ইতিমধ্যেই নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে।