নগাঁওঃ এযোৰ শৰালি হাঁহৰ দাম ষোল্লশ টকা ৷ সাধাৰণতে অবিশ্বাস্য যেন লাগিলেও কিন্তু ই একেবাৰে সঁচা । ৰাজ্যৰ চৌপাশে অসমীয়াৰ প্ৰাণৰ উৎসৱ ভোগালী বিহুক কেন্দ্ৰ কৰি ব্যাপক ৰূপত সৃষ্টি হোৱা উখল-মাখল পৰিবেশৰ মাজতে হেপাঁহৰ উৰুকাৰ নিশা উদৰ পুৰাবলৈ এনে অকল্পনীয় আকাশলংঘী দামতেই বনৰীয়া চৰাই ক্ৰয় কৰিলে এচাম ভোজন বিলাসী মাংসলোভী লোকে ৷
প্ৰাপ্ত খবৰ মতে,বটদ্ৰৱা সমষ্টিৰ শিলপুখুৰী গাঁও পঞ্চায়তৰ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তবৰ্তী বৰিবজাৰ আৰক্ষী চকীৰ এলেকাধীন কুঁজি,কুসুমবড়ি,ভেহুগুৰি,বহাবড়ি,বৰিবজাৰ,টুকটুকী,শিলপুখুৰী,ৰৌমাৰী,
আহোমগাঁও আদি অঞ্চলত আজি পুঁৱতি নিশাৰে পৰা বনৰীয়া পক্ষী ক্ৰয় কৰাৰ বাবে ভদ্ৰ সমাজৰ একাংশ লোকে যথেষ্ট ভিৰৰ সৃষ্টি কৰে ৷