খাৰুপেটীয়াঃ দৰঙৰ দলগাঁও আৰু মংগলদৈ সমষ্টিৰ সীমাত থকা ফকিৰপাৰা আৰু যোগীপাৰাৰ মাজেৰে বৈ যোৱা এখন নৈৰ ওপৰত আজিলৈকে এখন স্থায়ী দলং নিৰ্মাণ নোহোৱাত অঞ্চলটোৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত বহুতো সমস্যাত ভুগিছে৷
অঞ্চলটো মংগলদৈ আৰু দলগাঁও সমষ্টিৰ সীমামূৰীয়া হোৱাৰ ফলত কোনো এজন বিধায়কে উক্ত স্থানত দলং এখন নিৰ্মাণৰ ব্যৱস্থা নকৰিলে৷ যাৰ ফলত মাত্ৰ তিনিডাল জইছৰ ওপৰেদি অঞ্চলটোৰ ৰাইজে বিপদজনকভাৱে অহা-যোৱা কৰাৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীও বিপদসংকুলভাৱে পাৰ হয় ভঙা চিঙা জইছৰ ওপৰেদি।