ওদালগুৰিঃ ক’লা পতাকাই খেদি ফুৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। সময় কি নিষ্ঠুৰ! একালৰ জাতীয় নায়ক এতিয়া গণৰোষত পৰিছে। তেওঁ যলৈকে গৈছে তাতেই সন্মুখিন হৈছে ক’লা পতাকাৰ। চোৰাংচোৱাৰ প্ৰতিবেদন নিজ চকুৰে চাই মুখ্যমন্ত্ৰীয়ে তৎক্ষাণিকভাৱে সলনি বা বাতিল কৰিছে তেওঁৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী।
এনে পৰিৱেশ-শংকাৰ মাজতে মুখ্যমন্ত্ৰী সোণোৱালে ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰি আছে। সোমবাৰে তেওঁ ওদালগুৰিৰ মাজবাটতলৈ গৈ লামাবাৰী মাইনাও পথাৰত বাথৌ মহাসভাৰ মুকলি সভাত যোগদান কৰে।