77
ৰঙিয়াঃ তেজপুৰ ডেকাৰ গাঁৱত তিনি দিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ অসম আন্তঃজিলা প্ৰবীন ভলীবল প্ৰতিযোগিতাত ৰঙিয়াই শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
যোৱা ১৮ তাৰিখৰপৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ৰাজ্যৰ ১২ খন জিলাৰ পুৰুষ আৰু মহিলাৰ দলে অংশগ্ৰহণ কৰে। অন্তিম দিনা অৰ্থাৎ ২০ তাৰিখে অনুষ্ঠিত হোৱা পুৰুষৰ চূড়ান্ত তথা ফাইনেল খেলখনত ৰঙিয়া জিলা দলটোৱে ৩-০ ছেটত মৰিগাঁও জিলা দলক পৰাজিত কৰে।