মৰিগাঁওঃ মৰিগাঁও গড়কাপ্তানি বিভাগত সংঘটিত হৈছে এক ভয়াৱহ কাণ্ড। উচ্চ ন্যায়ালয়ে বিদেশী বুলি ৰায়দান কৰাৰ পাছতো মৰিগাঁও গড়কাপ্তানি (গ্ৰাম্য পথ সংমণ্ডল) বিভাগত এজন বিদেশীয়ে চৰকাৰী চাকৰি কৰি নিয়মীয়াকৈ চৰকাৰী দৰমহা পাই থকা ঘটনাই সকলোকে হতভম্ব কৰি তুলিছে।
উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰা প্ৰস্তুতিৰ অন্তিম সময় আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি সৃষ্টি হৈ থকা তীব্ৰ প্ৰতিবাদৰ জুই মাজতেই মৰিগাঁৱত পোহৰলৈ অহা এই ভয়াবহ কাণ্ডই মৰিগাঁও গড়কাপ্তানি বিভাগ আৰু সীমান্ত শাখা আৰক্ষীৰ ফোপোলা স্বৰূপটোকে পৰিস্ফুট কৰি তুলিছে।