বৰপথাৰঃ ধনশিৰি মহকুমাৰ ইটাভাটাত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য আৰু শ্ৰমিক আইন উলংঘা কৰা পৰিলক্ষিত হৈছে ইটাভাটাৰ মালিকৰ৷
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ প্ৰেমহৰাত বাংকা শ্বাহনী নামৰ ব্যৱসায়ীজনে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু শ্ৰমিক আইন ভংগ কৰি চলাইছে ইটাভাটা৷ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ইটাভাটাৰ চিমনিৰ উচ্চতা ন্যুনতম ১০০ (এশ) ফুট দৈঘ্যৰ আৰু চিংগল চিমনি হ’ব লাগে যদিও বাংকা শ্বাহনী নামৰ ভাটাৰ মালিকজনে তাতকৈ বহু কম উচ্চতাৰ আলকাতাৰাৰ ড্ৰাম কাটি তৈয়াৰ কৰা দ্বৈত চিমনি ব্যৱহাৰ কৰিয়ে ইটাভাটা চলাই আছে৷