কাকপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত ১ নং সৰুডিৰাকত এক বিশাল জনজাগৰণ অনুষ্ঠান আৰু বিক্ষোভ প্ৰতিবাদী সমদল আয়োজন কৰিছে।
অহা ইংৰাজী ২৯ জানুৱাৰী ২০১৯ তাৰিখ মংগলবাৰে ১ নং সৰুডিৰাক ৰাজহুৱা খেলপথাৰৰপৰা বৰডিৰাক ৰাজহুৱা খেলপথাৰলৈকে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু কাকপথাৰ-ডিৰাক অঞ্চলৰসমূহ জাতীয় জনগোষ্ঠীয় দল-সংগঠন, যুৱক সংঘ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ডিৰাক-কাকপথাৰবাসী ৰাইজৰ সহযোগত হ’বলগীয়া জনজাগৰণ অনুষ্ঠান আৰু বিক্ষোভ প্ৰতিবাদী সমদলটো বাহিৰ কৰিবৰ বাবে উদ্যোক্তাসকলে প্ৰস্তুতি তুংগত কৰি তুলিছে।