ডিফঃ ডিফুৰ একমাত্ৰ চৰকাৰী মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন বিনা কাৰণত বিলম্বকৰণৰ বাবে কাৰবি ছাত্ৰ সন্থা, ইউকেৱাইএ,এছৱাইচি, কেৱাইডিঅ’ ডিফু চৰকাৰী মহাবিদ্যালয় ছাত্ৰই আজি বিয়লি ডিফুস্থিত কাৰবি আংলং জিলা প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ডা: নিৰব কুমাৰ শৰ্মাৰ অপসাৰণ দাবী কৰে ৷
সংগঠন সমূহৰ নেতৃবৰ্গই অভিযোগ কৰা অনুসৰি অধ্যক্ষ ডা: নিৰব কুমাৰ শৰ্মাই বিগত বৰ্ষৰ ছেপ্তম্বৰ মাহত অনুষ্ঠিত হবলগীয়া ছাত্ৰ একতা সভাৰ নিৰ্বাচনটো বিনা কাৰণত পিছুৱাই লৈ গৈ আছে ৷ এই সন্দৰ্ভত কাৰবি পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্যৰ সংগঠন সমুহৰ তৰফৰ পৰা স্মাৰক পত্ৰ দিয়া হৈছিল যদিও ই কাৰ্যকৰী নহল ৷ যোৱা ২৫ জানুৱাৰীত মহাবিদ্যালয়ৰ খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন চলিত বৰ্ষৰ জানুৱাৰী ২৮ তাৰিখৰ পৰা ৬ ফেব্ৰুৱাৰীৰ ভিতৰত সমাপন কৰিবলৈ অধিসূচনা জাৰী কৰিছে বুলি কেএছএৰ সভাপতি চিমিয়ণ ৰংফাৰে জানিবলৈ দিছে ৷