Home ৰাজ্যচকলাঘাটত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৰাইজ মেল

চকলাঘাটত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৰাইজ মেল

by News Desk
A+A-
Reset
579c6b7e-8097-4d28-a97f-bd72a878f77c

নগাঁওঃ ৰাজ্যৰ সৰ্বত্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে ব্যাপকৰূপে প্ৰতিবাদ সাবস্ত্য কৰি অহাৰ সময়তে নগাঁও জিলাৰ হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাইও ধাৰাবাহিকভাৱে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে৷ ইয়াৰ অংশহিচাপে দেওবাৰে চকলাঘাট ৰাস মন্দিৰ প্ৰাংগণত জাতি ধ্বংসী বিধেয়কখন বাতিলৰ দাবীত আৰু অনাগত দিনত কৰ্মপন্থা যুগুত কৰাৰ উদ্দেশ্যে এখন ৰাইজ মেল অনুষ্ঠিত কৰা হয়৷ 

বিয়লি এক বজাৰপৰা হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৃতাঞ্জল বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই মেলৰ প্ৰাৰম্ভনিতে বিধেকখনৰ দৃষ্টিভংগী সন্দৰ্ভত আলোকপাত কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ তথ্য সম্পাদক নিপন শৰ্মাই৷ কোঁচ ৰাজবংশী সন্মিলন, অসম সাহিত্য সভা, সদৌ অসম ট্ৰাইবেল সংঘ, তিৱা মাখনলাই তখ্ৰা, সদৌ অসম গ্ৰামীন শ্ৰমিক সন্থা, অসম সেনাকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিনিধিৰ অংশগ্ৰহনেৰে অনুষ্ঠিত হোৱা মেলখনিত প্ৰাক্তন ছাত্ৰ নেতা পংকজ ডেকা, সংগ্ৰামী নেতা দেৱ বৰা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক থগিত মহন্ত, শিক্ষাবিদ পূৰ্ণ চন্দ্ৰ বেজবৰুৱা, নগাঁও জিলা সাহিত্য সভাৰ বিত্ত সম্পাদক আবুল খায়েৰ, নগাঁও জিলা তিৱা মাখনলাই তখ্ৰাৰ সভাপতি বীৰেণ লালুং, শিক্ষাবিদ বক্তৰ হুছেইন, ছহীদ সমন্বয়ৰক্ষী সমিতিৰ কেন্দ্ৰীয় উপদেষ্টা কমল নাথ, অগপ নেত্ৰী মামনি বৰা, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অভিজিৎ দাস, প্ৰাক্তন সাংগঠনিক সম্পাদক পিংকু বৰা, শ্ৰমিক নেতা অৰূপ কুমাৰ মহন্ত, হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিষ্ণুজ্যোতি নাথ, সমাজকৰ্মী ক্ষিতেশ্বৰ বৰা, জাজৰি আঞ্চলিক শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৰেন ডেকা, বিপ্লৱী কণ্ঠশিল্পী জিতু শ্ৰাৱন, যুৱ নেতা বিশ্বজ্যোতি মহন্ত, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অমৰ জ্যোতি ফুকন, সাংস্কৃতিক সম্পাদক হিৰন্য জ্যোতি বৰাকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্টি ব্যক্তিয়ে বিধেয়কখনৰ তীব্ৰ বিৰুধীতা কৰি ইয়াৰ দ্বাৰা হ’ব পৰা বিৰূপ প্ৰভাব সন্দৰ্ভত বক্তব্য প্ৰদান কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0