মাজুলীঃ খিলঞ্জীয়াৰ অধিকাৰ-স্বাৰ্থ সুৰক্ষিত কৰিবলৈ কাম কৰি আছে ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ খিলঞ্জীয়া জনসাধাৰণ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি আজি মাজুলীৰ পৱিত্ৰ ভূমিৰ পৰা দ্ব্যৰ্থহীন ভাষাৰে স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
মাজুলীৰ কমলাবাৰীত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মঙ্গলবাৰে মুখ্য অতিথি হিচাপে অংগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে অসমৰ খিলঞ্জীয়া জনসাধাৰণ, ভূমিপুত্ৰসকলৰ স্বাৰ্থ আৰু অধিকাৰ সম্পূৰ্ণ সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰে সুদৃঢ় ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰাজ্যবাসীক পুণৰবাৰ আশ্বস্ত কৰে।