বিহালীঃ সম্প্ৰতি ক’লা ৰঙ দেখিলেই ভয়ত ত্ৰস্তমান হৈ পৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ, যাৰ পৰিণতি আজি দেখা পোৱা গ’ল বিশ্বনাথৰ বিহালীত এক হৃদয়বিদাৰক দৃশ্য । প্ৰচণ্ড ঠাণ্ডাৰ মাজতো এগৰাকী কণমানি শিশুক কাপোৰ খুলিবলৈ বাধ্য কৰোৱা হল একমাত্ৰ কলা ৰঙৰ বাবে ।
উল্লেখ্যযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত উত্তৰ পূৱ ক্ষেত্ৰ বস্ত্ৰ উন্নয়ন প্ৰকল্পৰ অধীনত বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ বৰগাঙত অনুষ্ঠিত হোৱা এড়ী স্পান চিল্ক মিলৰ আধাৰশিলা স্থাপন কৰিবলৈ আজি নিৰ্ধাৰিত সময়ত আহি উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া।