কাকপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত ১ নং সৰুডিৰাকত এক বিশাল জন জাগৰণ অনুষ্ঠান আৰু বিক্ষোভ প্ৰতিবাদী সমদল বাহিৰ কৰে ।
বৰডিৰাক ৰাজহুৱা খেলপথাৰৰ পৰা ১ নং সৰুডিৰাক ৰাজহুৱা খেলপথাৰলৈকে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু কাকপথাৰ- ডিৰাক অঞ্চলৰ সমূহ জাতীয় জনগোষ্ঠীয় দল-সংগঠন, যুৱক সংঘ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ডিৰাক-কাকপথাৰবাসী ৰাইজৰ সহযোগত অনুুুষ্ঠিত জন জাগৰণ অনুষ্ঠান আৰু বিক্ষোভ প্ৰতিবাদী সমদলটোত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে “হিন্দু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক”, ” “নৰেন্দ্ৰ মুদী হুছিয়াৰ”, “সৰ্বানন্দ সোনোৱাল গ’ বেক”, “হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ” “বিজেপি গ’ বেক”, “বিজেপি নিপাত যাওঁক”,”অসম চৰকাৰ হায় হায়”, “সৰ্বানন্দ সোণোৱাল জাতিদ্ৰোহী” আদি বিভিন্ন শ্লগানেৰে আকাশ বতাহ কপাঁই তোলে ।