নগাঁওঃ আজি সমগ্ৰ দেশৰ লগতে অসমতো তিৰোভাৱ তিথি উপলক্ষে সৰ্বস্তৰৰ জনতাই গভীৰভাবে স্মৰণ কৰে মহামানৱ মহাত্মা গান্ধীক ৷ কিন্তু আজিৰ এই পবিত্ৰ দিনটোতে পুনৰবাৰ বৌদ্ধিক মহলৰ মাজত চৰ্চা লাভ কৰিছে এক চৰকাৰী ঘোষণাই ৷
উল্লেখ্য,বিগত ২০০৫ চনৰ দুই অক্টোবৰত ৰাজভৱনত আয়োজিত গান্ধী জয়ন্তীত ৰাজ্য চৰকাৰে গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদি অসমৰ সকলো জিলাৰ উপায়ুক্ত, মহকুমাধিপতিৰ কাৰ্যালয় আৰু শিক্ষানুষ্ঠানৰ চৌহদত একোটাকৈ মহাত্মা গান্ধীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপনৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু সেই ঘোষণাই সম্প্ৰতি তেৰ বছৰ অতিক্ৰম কৰাৰ পিছতো সেয়া কাৰ্যকৰী নহৈ ঘোষণাতে সীমাবদ্ধ থাকিল ৷ কাজেই,ৰাজ্যত ৰাজহুৱাভাৱে ঘোষিত বহু ঘোষণা বিভিন্ন কাৰণত সঠিককৈ কাৰ্যকৰী হোৱা দেখা নাযায় যদিও দেশবাসীক বহু কষ্টৰে স্বাধীনতাৰ সোৱাদ দিয়া বাপুজীৰ সন্মানৰ প্ৰতি কৰা এনে এটি ঘোষণা এইদৰে বছৰ বছৰ অতিক্ৰম কৰাৰ পিছতো কাৰ্যকৰী নোহোৱাত জাতিৰ পিতা মহাত্মা গান্ধীক মনে-প্ৰাণে ভালপোৱা প্ৰতিজন ব্যক্তিৰ মাজত বৰ্তমান বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷