মৰিয়নীঃ সমগ্ৰ ৰাজ্যত এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে৷ ইয়াৰ সমান্তৰালভাৱে মৰিয়নীত দল সংগঠনৰ উপৰিও বিভিন্ন স্তৰৰ ৰাইজে ৰাজপথত বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে৷
আজি মৰিয়নীৰ নগৰৰ একমাত্ৰ মহাবিদ্যালয় তথা মৰিয়নী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি মাধূৰ্য্য গগৈ আৰু বতমান ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অমৰিত শমাৰ নেতৃত্বত আজি বুধবাৰ দুপৰীয়াৰ ভাগত মহাবিদ্যালয় শ্ৰেণী বজন কৰি মৰিয়নী নগৰৰ মাজেৰে এক শান্তি পূৰ্ণ শোভাযাত্ৰা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷