ডিফুঃ “আহ ঐ আহ, ওলাই আহ”.”খেদ ঐ খেদ ,বাংলাদেশী খেদ ৷ বিজেপি গ’ বেক, “তুমি যদি অসমীয়া, আন্দোলনত ওলাই আহা ৷” আদি ধ্বনিৰে আজি আছুৰ কাৰবি আংলং জিলা সমিতিয়ে ডিফুৰ আকাশ-বতাহ উত্তাল কৰি তোলে ৷
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ লগতে আজিও দ্বিতীয় দিনৰ বাবে উত্তপ্ত হৈ পৰে ডিফু চহৰ ৷ বুধবাৰে এএছডিচি, কেএছএ আৰু অগপই পৃথক ভাবে ধৰ্ণা আৰু জোঁৰ সমদল বাহিৰ কৰাৰ পিছত আজিও আছু আৰু কংগ্ৰেছে ডিফু চহৰৰ মাজেৰে পৃথকে পৃথকে হাতে হাতে জোঁৰলৈ সমদল বাহিৰ কৰি বিধেয়ক খনৰ তীব্ৰ বিৰোধিতা কৰে ৷