ধেমাজীঃ আকৌ এবাৰ অসমৰ নাম ৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত উজ্জ্বলি উঠিল। যোৱা ২৫ জানুৱাৰীত কেৰেলাৰ মলপ্পুৰম জিলাৰ কাৰোভাবাকোণ্ড মিনি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা “মোৱাইথাই ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতা ২০১৯” ত অসমৰ চুম্পি লালুঙে বিজয় ধ্বজ্জা উৰুৱাবলৈ সক্ষম হয়।
ধেমাজি জিলাৰ লালুং তিনিআলিৰ নিবাসী ৰঞ্জিত লালুং আৰু স্বপ্না লালুংৰ কন্যা চুম্পি লালুঙে ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাখনত ৰাজস্থানৰ চৰিতা বাথোড়ক পৰাস্ত কৰি ‘টাইটল বেল্ট’ খিতাপ দখল কৰিবলৈ সক্ষম হয়।