বৰনদ্দীঃ নলবাৰীত আছু কৰ্মীক বিজেপিৰ একাংশ কৰ্মীয়ে থানাৰ ভিতৰত প্ৰহাৰ কৰা, আছুৰ পতাকা ভৰিৰে গচকা আদি ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যব্যাপী উত্তেজনা অব্যাহত থকাৰ সময়তে শুকুৰবাৰে নলবাৰী চহৰত বিজেপিয়ে উলিয়াই এক বৃহৎ সমদল৷
উল্লেখ্য যে, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি লক্ষেশ্বৰ মৰাণক কৰা আক্ৰমণৰ প্ৰতিবাদ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা অভিযোগ উত্থাপন কৰি নলবাৰীত বিজেপিয়ে কালি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এনেদৰে বৃহৎ সমদল উলিয়ায়।