চামগুৰিঃ দেশে স্বাধীনতা প্ৰাপ্তিৰ বাবে চৰম ত্যাগ কৰাৰ পিছতো বৰ্তমান আকাল দৰিদ্ৰতা, প্ৰৱঞ্চনাৰ বলি হৈছে নগাঁও জিলাৰ এজন প্ৰয়াত মুক্তিযুদ্ধাৰ পৰিয়াল। চমক সৃষ্টিকাৰি একাধিক চৰকাৰী আঁচনি থকাৰ পিছতো নগাঁৱৰ চাপানালাৰ নিকটৱৰ্ত্তী বালিজুৰি-বনবাঁহনি গাঁৱত প্ৰয়াত মুক্তিযুদ্ধা ভদ্ৰকান্ত বৰাৰ পৰিয়ালৰ এতিয়া লাওলোৱা অৱস্থা।
স্বৰ্গীয় মুক্তিযুদ্ধাজনৰ পুত্ৰ মুকুল বৰাৰ পত্নী লীলী বৰা বিগত ছয় মাহ ধৰি অচিন ৰোগত আক্ৰান্ত হৈ আছে যদিও চৰম আৰ্থিক দুৰৱস্থাৰ বাবে প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা কৰিব নোৱাৰাত নিজ বাসগৃহতে চিকিৎসা বিহীনভাৱে বাধ্য হৈছে শয্যাগতহৈ পৰি ৰ’বলৈ।