জাজৰিঃ নগাঁও জিলাৰ জামুগুৰিৰ বিশিষ্ট শিল্পী গম্ভীৰ নাথলৈ অসম সাংস্কৃতিক মহাসভাই অলপতে অগবঢ়োৱা “জীৱনযোৰা সাধনা বঁটা” ৰ বাবে জামুগুৰি অঞ্চলৰ ৰাইজ, বিভিন্ন অনুষ্ঠানে শিল্পী গৰাকীক যোৱা ২৯ জানুৱাৰীত নিজা গৃহতে এটি অভিনন্দন আৰু অন্তৰংগ আলাপ অনুষ্ঠানেৰে উষ্ম সম্ভাষণ জনায়।
ঐতিহ্যমণ্ডিত জামুগুৰি গৰখীয়া থান পৰিচালনা সমিতিৰ ব্যৱস্থাপনাত শিল্পী গৰাকীৰ গৃহত অনুষ্ঠিত মনোজ্ঞ অনুষ্ঠানটি সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ বাণী শৰ্মাই। শিল্পী গৰাকীক গামোছা, চেলেং, শৰাই, জাপি আৰু প্ৰশংসা পত্রৰে উষ্ম সম্ভাষণ জনোৱা অনুষ্ঠানত প্ৰবীন নাট্যকাৰ, অভিনেতা নেত্রকমল বৰঠাকুৰ, অসম সাংস্কৃতিক মহাসভাৰ প্ৰতিনিধি গোলোক নাথ, বিশিষ্ট শিল্পী গম্ভীৰ শইকীয়া, শিক্ষাবিদ পূৰ্ণ বেজবৰুৱা, বিশিষ্ট সমাজকৰ্মী থানেশ্বৰ নাথে শিল্পীগৰাকীৰ সুদীৰ্ঘ জীৱনৰ আলোকপাত কৰে।