নগাঁওঃ নগাঁও জিলাৰ ৰহাৰ জোঙাল বলহু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশনৰ গ্ৰন্থমেলাৰ বাকৰিৰ সদৌ অসম কবি সন্মিলনৰ বিপণীত এক ব্যতিক্ৰমী পৰিৱেশত উন্মোচন কৰা হয় ‘জোনাকৰ আলহী’ শীৰ্ষক কাব্যগ্ৰন্থৰ স্ৰষ্টা লতামণি শৰ্মাৰ দ্বিতীয় কাব্যগ্ৰন্থ “জোনাকৰ বৰষুণ”। সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগাম, বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইন আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সভাপতি মোলান লষ্কৰে এই কাব্য গ্ৰন্থখনি আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে৷
নৱ প্ৰকাশিত গ্ৰন্থখনৰ প্ৰসংগত উজ্জ্বল পাওগামে কয় যে- কবিতাক মানুহৰ প্ৰিয়তম সম্পদত পৰিণত কৰাৰ লক্ষ্যৰে সদৌ অসম কবি সন্মিলনে যি যাত্ৰা আৰম্ভ কৰিছে সেই যাত্ৰাত লতামণি শৰ্মাৰ জোনাকৰ বৰষুণে এক নতুন মাত্ৰা প্ৰদান কৰিছে। উল্লেখ্য যে, বিয়লি অধিবেশনৰ মূল মণ্ডপত কবিতা পাঠৰ অনুষ্ঠান চলি থকাৰ সময়তে উদ্যোক্তা সমিতিয়ে ৰূপায়িত কৰা আতচবাজীৰ প্ৰদৰ্শনীৰ দ্বাৰা সৃষ্টি হোৱা কোলাহলে বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনৰ কবিতা পাঠত ব্যাঘাট জন্মোৱাৰ লগতে সাহিত্যিক গৰাকীক অস্বস্তিকৰ পৰিস্থিতিত পেলাইছিল যদিও ‘জোনাকৰ বৰষুণ’ উন্মোচনৰ সময়ত কিন্তু এক সুকীয়া পৰিৱেশহে বিৰাজমান হয়।